পৃষ্ঠা:ধৰম গিত.djvu/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
খ্ৰিষ্টলৈ পাপিৰ প্ৰাৰ্থনা।

৫৯

The Sinner's Plaint.
Rock of Ages. 7.

অতি অধম দুৰাচাৰ
পৰ্বত সমান পাপৰ ভাৰ,
এৰাবলৈ নে পাঁও ঠাই,
কোনো নাইহে মোৰ আস্ৰই।

কি হব, কি হব মোৰ?
অতিসয়ে বৰ গধুৰ;
সাৰিবলৈ কি উপাই?
কোনে গুচাব, হাই হাই।

য়িচু খ্ৰিষ্ট নামে জাৰ
ধৰম ৰুপে অবতাৰ,
দায়াল প্ৰভু সক্তিমান
আস্ৰই ললে কৰে ত্ৰান।

অতি দুখে ভাৰ বান্ধি
সিঘ্ৰে গৈ কান্দি কান্দি,
জাস্না এই মোৰ নিবেদন,
প্ৰভু, মই পাপিষ্ট জন।