পৃষ্ঠা:ধৰম গিত.djvu/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
খ্ৰিষ্টৰ উঠান।

৫২

"Mary to the Savior's tomb."
Martyn. 7.

জেতিয়া অৰুনৰ উদই
 পুবৰ ফালে দেথা হল,
সুগন্ধ দ্ৰব্য তেতিয়া লৈ
 মাৰিয়াই মৈদামলৈ গল।

প্ৰিয় জনক তাত নে পাই,
 খেদ বিস্ময়ো লাগিল মন,
থিয়ৈ চকুৰ লো ওলাই
 কৰি আচিলে ক্ৰন্দন।

তেতিয়া সুনি য়িচুৰ মাত,
 মনৰ সকল দুখ গুচিল,
চিতত ৰঙ্গ হল অকস্মাত,
 জানি মোৰ প্ৰভু উঠিল।

কেনে সক্তি প্ৰভুৰ বাক!
 এন্ধাৰক পহৰ কৰাই;
তেঁওলৈ কন্দা জিবিলাক,
 মচিব তাৰ লো গুচাই।

ঘ ৩