পৃষ্ঠা:ধৰম গিত.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
খ্ৰিষ্টৰ মৰন।

এয়ে মোৰ সৰিল, নৰৰ হিত
হৈচে ভগন, পাপৰ প্ৰাচিত;
পান পাত্ৰও পাচে হাতত লই,
এয়ে মোৰ তেজৰ নিয়ম হই।

সকলোএ কৰা ভোজন পান,
মোৰ প্ৰিয় সিস্য, কাল অৱসান,
এই কৰম কৰি আচৰন,
মোৰ দুখ ভোগ ৰাখিবা স্মৰন।

চিন্তি, প্ৰভু, তোমাৰ মৰম,
বৈ লোতক কৰোঁ এই কৰম;
আমাৰ সমজুআৰ প্ৰিয় নাম
সুঁঅৰি প্ৰেমৰ জুনা গাম।

জি দিন তোমাৰ প্ৰধান বিবাহ,
সেই দিনলৈ মণ্ডলিৰ আস;
তুমি আহিলে আপোন ৰাজ্য,
আমাক ন কৰিবা অগ্ৰাজ্য।
 ন. ব.