পৃষ্ঠা:ধৰম গিত.djvu/৪২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৫

তাৰ মৰা সৰ পাচে পাচে লগত জাঁ‌ওতে সি- বিলাকৰ প্ৰেম জে তাত হৈচিল, তাক প্ৰকাস কৰিবলৈ বৰ চিন্তা কৰিচিল। পাচে জেতিয়া মৰা সৰ চন্দুক মাটিৰ তলত থোআ হল, তে- তিয়া প্ৰচাৰকে লগত জোআবিলাকত এই কথা কলে; য়ানে আপোনাৰ মন পালটনৰ আ- গেয়ে জেনে আচিল, তাৰ দৰে তোমোলাক দুষ্ট নো হোআ হব পাৰে; কিন্তু হে মোৰ প্ৰিয় সন্তান সকল, ইয়াক তোমোলাকে সোঁ‌অ- ৰা, ইস্বৰে সকলো বিষয়কে দেখে আৰু সুনে; কিন্তু জদি তোমোলাকে মন পালটন ন কৰা, তেন্তে সৰু পাপৰ হৈও তোমোলাকে দণ্ড পাবা। জদিও তোমালোকৰ মাজৰ কোনো কোনো য়ানতকৈ দুষ্ট নো হোআ, তেও সৰ্ব- জান ইস্বৰৰ আগত সকলোএ দুসি আচোঁ‌। এই কাৰনে জাৰ তেজৰ প্ৰাচিতেৰে আৰু সুচি কৰা পবিত্ৰ আত্মাৰে আমি জেন পাপৰ পৰা সুচি কৰা হব পাৰোঁ, এনে এজন ত্ৰান কৰ্তাত আমাৰ প্ৰয়োজন আছে। তেন্তে হে মোৰ প্ৰিয় সন্তান সকল, আঁহা, জি জনা সৰু লৰা