পৃষ্ঠা:ধৰম গিত.djvu/৪২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


আহিবা, পিচে ভালকৈ তোমাক মই উপাইৰ কথা জনাম।

 সেই সময়ৰে পৰা প্ৰচাৰকে কোআৰ দৰে য়ানে গৈ থকাত, এদিন প্ৰচাৰকে তাত কলে, হে মোৰ প্ৰিয় য়ান, সৰ্বদা ধন্য ইস্বৰ, জি জনে প্ৰিথিবিৰ ধুলিৰে মানুহ নিৰ্মান কৰি, সৰিলেৰে সৈতে নষ্ট ন হৈ সৰ্বকালে জিয়াই থকা এক অমৰ আত্মা দিলে। প্ৰথম মানুহে জদি ইস্বৰৰ আগ্যা উলংঘি পাপ ন কৰা হলে, মনুস্য জাতিক কেতিয়াও ম্ৰিত্যুএ বস কৰিব নোআৰিলেহেঁতেন। কিন্তু আগ্যা উলংঘন কৰিলত সকলো মনুস্য বংসৰ ওপৰত ম্ৰিত্যুএ সক্তি পোআত সকলো ম্ৰিত্যুৰ অধিন হল। এই হেতুকে সকলোএ অৱস্য মৰিব লাগে; কিন্তু তাতকৈ এইহে এক মহা ভয়ঙ্কৰ, জে মানুহে আপোনাৰ পাপৰ ফলে অমৰ আত্মাক অনন্ত দণ্ডৰ অধিন কৰিলে। হে মোৰ প্ৰিয় য়ান, এতিয়া তুমি বিবেচনা কৰা, পাপৰ স্বৰুপ ফল এই; তুমি, মই, আৰু সকলো মনুস্য

জাতিএই অনন্ত দুখৰ অধিন হৈচোঁ‌। এই

ক ৪