পৃষ্ঠা:ধৰম গিত.djvu/৪১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওমলা লৰা জাৰ নাম পিতৰ আচিল, সেই লৰাই সৈতে যানে বাটত কথা কোআ কুই কৰি কোনো ওচৰ চুবুৰিয়া এঘৰৰ গাঁৱলৈ জাঁওতে, য়ানে আপোনাৰ আগৰ সপত খোআ ৰিতিৰ দৰে প্ৰাই সকলো কথাতে সপত খোআত পিতৰে তাক অনুজোগ কৰি এই কথা কলে।

 পিতৰ। চিহ, চিহ, য়ান, তুমি সপত নো খোআকৈ কথা কব নোআৰা নে?

 য়ান। হাঁ পিতৰ, মই নো কিয় সপত নে খাম?

 পি। সেয়ে পাপ।

 য়া। পাপ নো কি?

 পি। সেয়ে কুকৰম, তাকে কৰিলে পাপ হই; আৰু জি সকলে পাপ কৰে, সেই সকলোএ দণ্ড পোআ হব।

 য়া। চিমোন নামেৰে জি জন মোৰ গৰাকি তেঁৱেই সপত নে খাবলৈ মোক বাধা ন কৰে, আৰু গাঁৱৰ অধিকাৰ জনে অপুনি নিজে সপত খাই, তেন্তে কোনে মোক দণ্ড দিব?

ক ২