পৃষ্ঠা:ধৰম গিত.djvu/৪১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কথা সিকে, এনে চেৰাপ বেচা দোকানিৰ ঘৰলৈ গৈ থাকিচিল।

 ইঙ্গৰাজি ১৭৮৮ সঁকত তাৰ দহ বচৰ বয়স হলত দুখিয়া বাপেকো হঠাত ম্ৰিত্যু হৈ মৰিল হেতুকে ওচৰ চুবুৰিয়া এঘৰত গতাই দিয়াত আহাৰ পাই পৰ্হা সালিত পঠিয়াবলৈ থোআ হল। তাৰ দহ বচৰ বয়স হলতো অলপমান পৰ্হিবলৈ সিকাবলৈকো অনেক দিন লাগিল। সেই লৰাক জাৰ ঘৰত থোআ হৈচিল, সেই লোকেও আৰু তাৰ সিখ্যকেও ধৰম সাস্ত্ৰৰ কোনো গিয়ানৰ কথাত তাৰ মন ফিৰাবলৈ কেতিয়াও কাৰ্বাৰ কৰা নাচিল। ইস্বৰ আৰু ত্ৰান কৰ্তাৰ কেনে প্ৰেম, তাৰ বিসয়েও সেই লৰাই একোকে জনা নাচিল; আৰু খ্ৰিষ্টৰ নামকো সি নে জানিচিল। দয়ালু ত্ৰানকৰ্তা জি সৰু লৰাৰ মিত্ৰ, জদি তেঁও সেই লৰাক মৰম ন কৰিলেহেঁতেন, সেই লৰা সেই অগিয়ানি অৱস্থাতেই থাকিলহেঁতেন, ইয়াত একো সংসই নাই। ইস্বৰক মানিবলৈ আৰু ভই কৰিবলৈ সিখ্যা পোআ য়ানৰলগৰ এজন