পৃষ্ঠা:ধৰম গিত.djvu/৪০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০

একো সমিধান দিব নোআৰে। গধুলি নৌ হওঁতে জাহাজৰ কাপ্তান, আন চাহাব, আৰু লস্কৰ সকলোএ আহি চাই, চাহাবৰ মৰা স পেৰাত সুমাই জাহাজত থকা দিঘল নাও খনত তুলি থলে। বৰ ধুমুহাত নাও ঢলঙ্গ পলঙ্গ কৰি থকাতে সেই দিনাৰ নিসাও ধুমু- হাৰ ভয়তে আটাই মানুহৰ গা কঁপি আ- চিল। আৰু চাহাবক পেৰাত থবৰ পৰা লৰাহঁত আৰু মেম চাহাবেও পুনৰ সিবিলা- কৰ অতি প্ৰিয়ক দেখিবলৈ নেপালে। পাচ দিন দুপৰ মান বেলিত বতাহ কিচু সান্ত হলত সুভ কাল পাই চাহাব লোক আৰু সক- লো মানুহ গোট খাই, ম্ৰিতকৰ পেৰা নাৱৰ পৰা আনি জাহাজৰ ঢাপৰত থলত কাপ্তান চাহাবে কিতাপত সাস্ত্ৰৰ কথা আৰু প্ৰাৰ্থনা পৰ্হিলে। পাচে পেৰা সাগৰত নমাই পুতি থলে। সেসৰ মহা দিনত আমাৰ প্ৰভু মেঘৰ ওপৰত দুতবিলাকে সৈতে ভেঁৰি বজাই অহি মৰা লোকৰ উঠানলৈকে চাহাব তাতে থাকিব। সাগৰৰ মাজত চাহাবৰ সৰিল জি ঠাইত