পৃষ্ঠা:ধৰম গিত.djvu/৪০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭

সুধিলে, মোক চিনিচা নে? তেতিয়া চাহাবে মৰমেৰে মিটিকিয়াই উতৰ দি কলে, হই, তুমি মোৰ প্ৰিয়া জেইন। অৰু এবেলি ক্লান্ত হৈ আন আন কথা লাহে লাহে কৈ- চিল, প্ৰায়ে সুনিবলৈ নে পাই। কিচু কালৰ পাচে মন বাতুল জেন হৈ, অচম মতে কথা কৈ গুআহাটিৰ ইস্কুল আৰু মণ্ডলিৰ সিস্য, খোৰা, আপিন্তা, পতি আদি কৰি নাম কাৰ্হি অনেক কথা কলে। আপিন্তাত সুধিলে, তুমি নিতৌ প্ৰাৰ্থনা কৰি সাস্ত্ৰ পৰ্হি থাকা নে? তে- তিয়া মেম চাহাবে কলে, তুমি কিয় ভ্ৰম হৈচা? আমি গুআহাটিত থকা নাই, সাগৰৰ ওপৰত জাহাজতে আচোঁ; কিন্তু গুআহা- টিত থকা মিতিৰ মানুহলৈ জেতিয়া চিঠি লি- খোঁ, তেতিয়া তোমাৰ কথা কি পঠাম? তাতে চাহাবে সমিধান দি কলে, মই আদিৰে পৰা এতিয়ালৈকে সিবিলাকক প্ৰিতি কৰিচোঁ; আৰু সিবিলাকে জেন য়িচুৰ চৰনত প্ৰেম আৰু ভক্তি ৰুপে থাকে, মোৰ এনে বৰ ইচা। আৰু আমাৰ আমেৰিকা দেস মিতিৰবিলা-