পৃষ্ঠা:ধৰম গিত.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
খ্ৰিষ্টৰ জনম।

২৮

Birth of Christ.
Haydn's. 8, 7.

পাখি মেলি অতি বেগে
 স্বৰগৰ অনেক দুতগন,
মেৰ চাগ ৰখিয়া লোকৰ আগত
 আহি দিলে দৰসন;
তেতিয়া ৰখিয়াই দুতক দেখি
 মনত হল অতি বিস্মই,
পাচে দুতে মাতি কলে,
 ন কৰিবা একো ভই।

অতি কুসল বাত্ৰা আমি
 কঁও, সুনা, তোমোলোকত;
বৈত্‌লেহেম নগৰত আজি,
 দাৱিদ ৰজাৰ বঙ্গহত,
স্বৰ্গৰ পৰা নামি আহি
 তিৰিৰ লৈ উদৰত বাস,
খ্ৰিষ্ট প্ৰভু হল অৱতাৰ,
 গুচাবলৈ পাপৰ ত্ৰাস।