পৃষ্ঠা:ধৰম গিত.djvu/৩৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এক স্ৰীজুতা মাৰ্গেৰেত বাবাক পৰ্হাৰৰ নিমিতে সেই ব্ৰওন মেম চাহাবৰ লগত আপোন দেস আমেৰিকালৈ পঠাবলৈ ঠাৱৰ কৰিলে। তাতে চেনেহৰ বৰ জিএক কি জানি পুনৰ দেখিবলৈ নে পাম, ইয়াকে বুলি পঠাবৰ সময়ত মাক বাপেক দুয়ো বিয়াকুল হৈ কান্দিব ধৰিলে। আৰু মাৰ্গেৰেত বাবাও এইমান দুৰ বাটলৈ মই আই বোপাইক আৰু ভাই ভনিক এৰি জাম বুলি, বিয়াকুল মনেৰে ভালেমান কান্দিলে। পাচে মেম চাহাব জাহাজেৰে গৈ গৈ ইস্বৰৰ অনুগ্ৰহতে আমেৰিকা পালেগৈ। তেতিয়া মাৰ্গেৰেত বাবাক মেম চাহাবে ককাকৰ ঘৰত থলেনি; কিন্তু ককাক দুই বচৰৰ আগেয়ে ম্ৰিত্যু হল। বুৰি মাকে নাতিনিএকক দেখি পুতেকলৈ মনত পৰি সোকাৰিষ্ট হৈ কান্দিব ধৰিলে। দদায়ক পেহিএকে মাৰ্গেৰেত বাবাৰ মুখ ককায়েকৰ মুখৰ দৰে দেখি চিনি পাই, বৰ ৰঙ্গ মনেৰে সুধিবলৈ ধৰিলে, তুমি আহিলা, বাপেৰে আমাক দেখিবলৈ কাহানিকৈ আ-

ক ৩