পৃষ্ঠা:ধৰম গিত.djvu/৩৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেতিয়া চাহাব আৰু মেম চাহাব দুয়ো গুআ- হাটিত আৰু চাৰিও ফালে ইস্কুল পাতি লৰা চোআলি আদি আৰু অনেক মানুহবিলাকক সাস্ত্ৰৰ কিতাপ আৰু প্ৰভু য়িচু খ্ৰিষ্ট ত্ৰান কৰ্তাৰ কথা সিকাইচিল; আৰু চাহাবে গাঁৱে গাঁৱে গৈ, জি লোকে সুনে, তাৰ অগিতো সুভ বত্ৰিী কিৰ্তন কৰেগৈ। আৰু কেতবিলাক মা- নুহৰ মন পালটাই য়িচু খ্ৰিষ্টৰ তেজৰ প্ৰাচি- তত বিস্বাস কৰি অনেক সাখিৰ আগত চা- হাবৰ হাতে বুৰ পালে। এই ৰুপে চাহাবৰ কাৰ্বাৰতে তাত এটা সৰু মণ্ডলি থাপন কৰা হল; জেতিয়া তেঁও গুআহাটি এৰি আমে- ৰিকালৈ জাই, তেতিয়া সেই মণ্ডলিৰ ভিতৰত ২২ জন মান সিস্য হৈচিল।

 ১৮৪৬ সঁকৰ বচৰত স্ৰীমতি ব্ৰওন মেম চাহাবে আপোনাৰ দুই লৰাক আমেৰিকা দেসলৈ নিবলৈ উপাই কৰিলে। আমেৰিকা দেসৰ নিচিনা ভাল ইস্কুল ইয়াত নাই, আৰু উমলিবলৈ ইঙ্গৰাজি বাবা লোকো নাই দেখি, পাদুৰি বাৰ্কৰ চাহাবে আপোনাৰ প্ৰথম জি-