পৃষ্ঠা:ধৰম গিত.djvu/৩৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰম বুলি জানে; আৰু জগতৰ ইস্বৰ জি জনে সাগৰ, প্ৰিথিবি, মানুহ, আকাস মণ্ডল, চন্দ্ৰ সুৰ্জ স্ৰজিলে, তেঁও মানুহক নিস্তাৰ কৰিবৰ নিমিতে অনুগ্ৰহৰ কাৰনে আপোনাৰ প্ৰিয় পুত্ৰ য়িচু খ্ৰিষ্টক পাপ গুচুআ প্ৰাচিত কৰিবলৈ জগতলৈ পাঁচিলে, এই কথা নে জা- নি পৰিত্ৰানৰ পথ নে পাই জি মতে নিৰুপাই হৈ থাকে; এই সকলো কথা পাদুৰি বাৰ্কৰ চাহাবে অপেনাৰ দেসত সুনি, এই ঠাইত ধৰমৰ কথা কিৰ্তন কৰিবলৈ আহিবৰ মন উচাহি হল। আৰু প্ৰভুএ জি আগ্যা দিচে, বোলে, তোমোলাকে গোটেই খন প্ৰিথিবিলৈ গৈ, সকলো প্ৰানিৰ আগত সুভ বাত্ৰা কিৰ্তন কৰা; তাতে জি কোনো বিশ্বাস কৰি বুৰ দিওআ হই, সি পৰিত্ৰান পাব; কিন্তু জি কোনোএ বিস্বাস নকৰে, তাৰ দণ্ড হব; এই কথা সুঁঅৰি প্ৰভুলৈ তেঁওৰ অতি প্ৰেম লাগি, সেই আগ্যা পালন কৰিবলৈ জিয়াই থাকোঁ মানে স্বৰুপ ধৰম আৰু ইস্বৰৰ সুভ বাত্ৰা দেও পুজকবিলাকৰ মাজত কিৰ্তন কৰি