পৃষ্ঠা:ধৰম গিত.djvu/৩৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯

দেখা, মই তাইৰ একো হানি কৰা নাই, আৰু একো বোলাও নাই।

 মা। কিন্তু মই দেখিলোঁ সেই নিমিতে তুমি আকও তাইৰ কিতাপ ফলা নাই, খঙ্গ উঠাতো কিচু বেয়াকৈ বোলা নাই, সেই খঙ্গটো কেনেকৈ সহিলা?

 জি। হেৰা আই, দেখা, তেতিয়া মনত এনে ভাবনা হৈচিল, খঙ্গটো অগ্নিৰ নিচিনা, এনে খঙ্গ ৰুপ অগ্নি জাৰ গাত লাগে, তাক একে বেলিএ পুৰি পেলাই; সেই জুই নু নুমালে জিৱনৰ উপাই নাই। আৰু মনত ভাবিলোঁ, বোলোঁ, ইস্বৰে অনুগ্ৰহ কৰি মোৰ অসংখ্য অপৰাধ সহিচে, এই হেতুকে এই অপৰাধ ময়ো সহিব লগা উচিত। আৰু আমাৰ ত্ৰান কৰ্তা জি প্ৰভু য়িচু খ্ৰিষ্ট, তেঁও নিৰ্দুসি হৈও জদি লোকৰ বৰ বৰ দোস সহি আপোনাৰ প্ৰানকে দিও সিহঁতক প্ৰেম কৰিলে, তেন্তে বৰ পাপি জি মই, লোকৰ অপৰাধ কিয় মই ন সহিম?

 মা। হে মোৰ আইটি, এনে বুধিমন্তৰ