পৃষ্ঠা:ধৰম গিত.djvu/৩৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬

একাদস কথোপকথন।

লোকৰ মঙ্গলত অসুয়া কৰিব নে পাই।

We should not be Envious.

 মা। হেৰা আইটি, তোমাক এটা কথা সোধোঁ, কালি জেতিয়া তুমি কমলাই সৈতে কিতাপ পৰ্হিচিলা, তেতিয়া কমলাই তোমাতকৈ ভাল পৰ্হিলত লোকেও তাইক প্ৰসংসা কৰিচিলে, তোমাক একো প্ৰসংসা কৰা নাই, ইয়াতে মনত কিচু দুখ পাইচিলা নে?

 জি। অই, তুমি জে এই কথাটো মোক আকও সুধিচা, বাৰু কোআচেন, ইয়াতে মনত দুখ পাব লগা হই কি ন হই? দেখাচোন, মোতকৈ কমলা বয়সে কিমান সৰু, আৰু অলপ