পৃষ্ঠা:ধৰম গিত.djvu/৩৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪

বৰ দুখৰ কথা হই; এঁওৰ লৰা কেইটিক ইস্বৰে দয়া কৰোক।

 জি। আই, তেঁও কলে, লৰা দুটি আৰু চোআলি এটি; আৰু দেখিলোঁ আটাই কেইটি সৰু সৰু।

 মা। অস! এনে দুখৰ সময়ত কি কৰিলে তেঁওৰ উপকাৰ হই?

 জি। অ আই, পৰসুই জি দুটকা ৰুপ মোক দিচিলা, তাৰে এটকা এঁওক দিম।

 মা। বাৰু মোৰ আইটি, তুমিও সেই টকা দিয়া, ময়ো চাই টকা দিচোঁ, এই পাঁচ টকা তেঁওৰ হাতত দি দুটা মন ভাল কথাৰে তেঁওক বুজাই কিচু সান্তনা কৰি আঁহাগৈ; অৰু সুনাচোন আইটি, লৰা তিনটাক এবাৰ মোৰ ওচৰলৈ মাতি আনিবা, আৰু সিহঁতে জেন পৰ্হা সালিলৈ গৈ লিখা পৰ্হা সিকে, আৰু জেন আপুনি অপুনি জিমান পাৰে পৰিস্ৰমেৰে আপোনাৰো মাকৰো প্ৰবৰ্তনৰ নিমিতে কাৰ্বাৰ কৰি থাকে তাকে কৰা।

 জি। বাৰু, মই এতিয়াই গৈ সিহঁতক