পৃষ্ঠা:ধৰম গিত.djvu/৩৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১

 জি। হই আই, গৈচিলোঁ।

 মা। তেঁৱে সৈতে তোমাৰ কি আলাপ হৈচিল?

 জি। তাইৰ লগত মোৰ কি আলাপ হব পাৰিব আই? তাই আপুনিও, আৰু ভায়েক ভনিয়েকবিলাকো কোনো কালত পৰ্হা সালিলৈ জোআ নাই; আৰু লেখা পৰ্হাও নে জানে; সেই দিনা মই পৰ্হা সালিৰ পৰা আহোঁতে মোক দেখা পাই, মোৰ হাতত ধৰি মাতি লৈ গল।

 মা। তেন্তে নিতৌ নিতৌ সিহঁতে কি কৰম কৰে?

 জি। গান, বাজনা, আৰু নাচ কৰি দিন নিযাই।

 মা। তেনে কৰিলে কি হই?

 জি। তাক দেখি সুনি অনেকে ভাল পাই।

 মা। বাৰু, তুমি তাক দেখি সন্তোস হলা নে, ন হলা?

 জি। ন হই আই, মই দুখ পাই কান্দি কান্দি উভতি আহিলোঁ।