পৃষ্ঠা:ধৰম গিত.djvu/৩৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭


ইস্বৰৰ অগিত খেমা হবলৈ প্ৰাৰ্থনা কৰা; আৰু দেখাচোন, তুমি জে লিখা পৰ্হা সিকিচা, ইয়াতে ইস্বৰে তোমাক কেনে দায়া কৰিচে; এই নিমিতে তেঁওক স্তুতি কৰা, আৰু তাৰাকো জেন সেই দৰে দায়া কৰে, এই নিমিতে আৰু প্ৰাৰ্থনা কৰা; অৰুি তাৰাই জেনেকৈ লিখা পৰ্হা সিকিব পাৰে, তালৈ কাৰ্বাৰ কৰা।

 জি। হই আই, মই জে এনে কাম কৰিচিলোঁ, সেই কাম ভাল ন হই, ইস্বৰে মোক খেমা কৰোক, অৰু তাৰাৰ কাৰনে জি প্ৰাৰ্থনা কৰিচোঁ, ইয়াকো সুনোক।