পৃষ্ঠা:ধৰম গিত.djvu/৩৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


 মা। আইটি কোআচোন, বিদ্যা হলে কাৰ উপকাৰ হব?

 জি। মোৰ আপোনাৰো, পিত্ৰি মাত্ৰিৰো, আৰু আন লোকৰো উপকাৰ হব পাৰে।

 মা। কোআচোন, বিদ্যা বৰ ধন নে, টকা বৰ ধন?

 জি। মোৰ মনে হলে বিদ্যা বৰ ধন।

 মা। কিয়?

 জি। কিয়নো বিদ্যা হলে কোনো কালেও নষ্ট ন হই, খৰচ কৰিলেও বাৰ্হে, স্বৰগলৈ জাবৰো উপকাৰ কৰে।

 মা। বাৰু, বুজিলা আইটি, এতিয়া ঘৰৰ জি জি বন কৰিবলৈ আচে, তাকে কৰাগৈ।

 জি। বাৰু জাঁও।