পৃষ্ঠা:ধৰম গিত.djvu/৩৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮৪

চিৰজিবি হই”। প্ৰথম য়োহান ২ আধ্যাৰ ১৭ পদ।

 জি সকলে এই আখ্যান পৰ্হে, বেহেৰাৰ সেস কথা জানিবলৈ ইচা কৰিব বুলি ভাবিচোঁ। তাৰ কথা এই; তাৰ সৰু চাহাবক মৈদামত থোআৰ পাচত, সি দৰমহা, আৰু অনেক বক্‌চিচ পাই, বেৰন মেমৰ পৰ এখন চিটি, আৰু তেঁওৰ হতুআই তুলাপাতত বন্ধোআ হেনৰিৰ একোঁচা চুলি লৈ, স্মিথ চাহাবৰ তলৈ গল। স্মিথ চাহাবে তাক তেঁওৰ ঘৰত ৰাখিলে, আৰু তেঁৱে সৈতে সি ভাৰত বৰিসৰ এটা দুৰৈ জিলালৈ গল; তাতে জাতি আৰু দেও পূজকৰ ধৰম এৰি, খ্ৰিষ্টিয়ান ধৰম গ্ৰাজ্য কৰিলে। ইস্বৰক প্ৰেম ভক্তি কৰা চিন ওলালত, তাক মণ্ডলিৰ মাজত লোআ হল, আৰু তাতে স্বৰুপ খ্ৰিষ্টিয়ানৰ প্ৰমান ম্ৰিত্যুলৈকে দেখাই থাকিল। সেই সময়তো য়োহান উপনাম দিয়া হল, আৰু সৰু হেনৰিৰ দোআৰাই পৰিত্ৰানৰ সত্য গিয়ান পোআৰ কাৰনে, তাৰ মৈদামত লিখা সেস পদ তেতিয়া দিয়া হৈচিল।