পৃষ্ঠা:ধৰম গিত.djvu/৩৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮০

কত, কাৰ লগত আচিল, ইয়াক নিচয়ে গিয়ান নাই জেন দেখা হৈচিল। গধুলি অকস্মাতে চেতন পাই তাৰ মাকক চাবলৈ মাতিচিল, কিন্তু আগৈএ তেঁওক দেখিবলৈ ইচা নাচিল, কিয়নো তেঁও ঘৰতে থাকিও তথাপি তেঁও লৰাৰ কাৰনে একো চিন্তা ন কৰিলে; পাচে জেতিয়া তাৰ এক ঘণ্টাৰ মুৰত মৰন হব পাৰে, এনে সময়ত ৰঙ্গ ধেমালি চাবলৈ জাবৰ মন তেঁও ন কৰিলে। তেঁও হেনৰিৰ নিমিতে কৰিব লগা ৰকম একো কৰা ন হল; এই কথা মনত ভাবি, হেনৰিএ মাতিচে, তেঁও এই সাৰ কথা জেতিয়া সুনিলে, তেতিয়া তেঁও বৰকৈ ভই কৰিচিলে। পাচে তাৰ খাটৰ কোখৰলৈ জোআত, হেনৰিএ অতি প্ৰেম আদৰ কৰি কলে, বোলে, আন সকলো মানুহ খোঁটালিৰ বাহিৰলৈ জাওক, কিয়নো আয়ে সৈতে কিচু কথা কবলৈ আচে। সি তেঁৱে সৈতে অনেক বেলিলৈকে কথা হল, কিন্তু কি কথা হল কোনেও নে জানিলে। তথাপি মনে ধৰে সেই প্ৰিয় লৰাই তাৰ মাকৰ লগত জি সেস