পৃষ্ঠা:ধৰম গিত.djvu/৩৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২

তোলা নে জাই, তেতিয়ালৈকে আৰু আহিব নোআৰিম। মই বতাহ লবৰ কাৰনে পালকিত জোআ পাচৰ বেলি বৰ সুন্দৰ এটা মৈদামৰ ঠাই দেখিচিলোঁ‌, আৰু সেই ঠাইতে অনেক গচো আচিল। তেতিয়া মই জানিলোঁ‌, অলপ দিনৰ মুৰত মই এই ঠাইতে সয়ন কৰিম, অৰ্থাত মোৰ সৰিল তাতে সুব; কিন্তু মই ভই ন কৰিলোঁ, কিয়নো প্ৰভু য়িচু খ্ৰিষ্টক প্ৰেম কৰোঁ‌, আৰু মই জানিছিলোঁ, তেঁও মৈদামৰ ঠাইলৈকো মোৰে সৈতে জাব। আৰু তেঁওৰে সৈতে মই নিদ্ৰা জাম, আৰু তেঁওৰ নিচিনা পুনৰ্বাৰ উঠান হৈ সন্তোস পাম। দাৱিদৰ ১৭ গিতৰ ১৫ পদ। তেতিয়া সি বেৰন মেমৰ ফাললৈ উভতি চাই কলে, বোলে, আমাৰ ত্ৰান কৰ্তা অমৰন, আৰু তেঁৱে সেসৰ দিনত প্ৰিথিবিৰ ওপৰত থিয় হবহি, ইয়াকে মই জানোঁ‌। আমাৰ চাল আৰু মঙ্গহ পোকে খোআতে হলেও, তথাপি অকও এই সৰিলেৰে ইস্বৰক দেথিম। আয়ুব্‌ ১৯ আধ্যাৰ ২৫। ২৬ পদ।