পৃষ্ঠা:ধৰম গিত.djvu/৩২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮

 সেই সময়ত বৰ্হমপুৰ অনেক মানুহৰে ভৰি আচিল, এই নিমিতে হেনৰিৰ মাকে আগৰ দৰে আপোনাৰ সকলো পুৰনি চিনাকি আৰু মিতিৰ লোকবিলাকে সৈতে দেখা দেখি কৰি- বলৈ অতি আসকতি আচিল। সেই কাৰনে তেঁও হেনৰিলৈ আৰু তাৰ সকলো দুখলৈকো পাহৰি গল। জদি বৰ ভোজলৈ নাইবা কোনো ৰঙ্গ চাবলৈ জাই, তেতিয়া মনত এনেকৈ ভাবনা কৰে, বোলে, বেৰন মেমে লৰাৰ লগত থাকি, তাৰ কাৰনে সকলে। কাৰ্বাৰ কৰি উপকাৰ কৰিব। কিন্তু আমি কৰিব লগা সকলো কৰম, লোকে আমাৰ নিমিতে ভাল- কৈ কৰিব বুলি, তাক হেলা কৰি এৰিলে, সোধৰ দিনত সেই উতৰ সুনা ন হব।

 সি জেইবা ন হওক, ডক্তৰ চাহাবৰ আৰু বেৰন মেমৰো অতিসই ৰুপে কাৰ্বাৰ হলতো, হেনৰিৰ নৰিয়া বাৰ্হি জাবলৈহে ধৰিলে, আৰু এই প্ৰিয় লৰাৰ আয়ুস অলপ দিনৰ মুৰতে ঢুকাব বুলি, তেতিয়া আটায়ে নিচইকৈ জানি- লে। বেৰন মেম আৰু বেৰন চাহাব দুয়ো