পৃষ্ঠা:ধৰম গিত.djvu/৩২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭

তেহে অলপ থিৰ হল, আৰু সিহঁত সকলোকে তেঁওৰ ঘৰলৈ জাবলৈ নিবেদন কৰিলে। জেতিয়া তেঁও ঘৰলৈ জাবৰ নিমিতে আপোনাৰ পালকিত উঠি বহিল, তেতিয়া অতি জতনকৈ ইস্বৰৰ আগত তেঁও এই ৰুপে প্ৰাৰ্থনা কৰিলে, হে পম ইস্বৰ, এই প্ৰিয় লৰা জিয়কেই বা মৰকেই, তথাপি তাক নৰিয়াৰ জাতনাতে জেন আমাৰ ওচৰৰ পৰা নিয়া ন হব, আৰু আ- পোনাৰ অনুগ্ৰহৰ দোআৰাই লৰাৰ অমৰন আত্মাৰ কাৰন মই ধৰম সিখ্যা, আৰু তাৰ নিৰ্বলি সৰিলক জেন সান্ত দিব পাৰোঁ‌, ইয়াকে নিবেদন কৰিচোঁ‌।

 তেতিয়া সিবিলাকে বেৰন মেমৰ ঘৰলৈ আহিলত, তেঁও হেনৰিক দিনত থবলৈ বহা খোঁটালিৰ এখন সজ্যাৰ ওপৰত, আৰু ৰাতিত তেঁওৰ সোআ খোঁ‌টালিৰ আপোনাৰ ওচৰতে সুআবলৈ আগ্যা দিলে; আৰু বেগতে পল্টনৰ বৰ ডক্তৰ চাহাবক মতালে, এই ৰুপে হেনৰিৰ কাৰনে কৰিব লগা আটাই উপকাৰ চেনেহতে কৰিলে।