পৃষ্ঠা:ধৰম গিত.djvu/৩২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬৪

গলত, হেনৰিএ সেই পুথিৰ অটাই আধ্যাবোৰ বেহেৰাৰ আগত পৰ্হি সুনাবলৈ ভালকৈ চল পালে; আৰু আবেলি, ৰাতি পুআও, তাৰ মাকে সোঁতে, পুথি পৰ্হিবলৈ চল পাইচিল, কিয়নো সেই সময়ত তাৰ মাকে সুনিবলৈ নে পাইচিল। তাতে হেনৰিএ আপোনাৰ বেহেৰাক উতম ৰুপে সিকোআত, বেহেৰাও নিতৌ নিতৌ ধৰম পুথিৰ গিয়ানেৰে গিয়ানি হবলৈ ধৰিলে। পাচে ঘাম কালি হলত, বেগতে হেনৰিৰ কোখত বৰ বেদেনা এটা হল, আৰু আন আন বেয়া লখ্যানো দেখা গল। তাৰ সৰিলৰ কান্তি গুচি খিনাই গল, আৰু একো খাবও নোআৰিলে। হেনৰিৰ মাকে সৈতে তেতিয়া ৰঙ্গ ধেমালি কৰিবলৈ কোনো নাচিল, সেই কাৰনে হেনৰিৰ তেনে ৰুপ দেখি, তেঁওৰ আৰু বেহেৰাৰ বৰ ভই লাগিল। আৰু বৰ্হমপুৰ বেগতে পাবৰ নিমিতে সিহঁতে অতিসই কাৰ্বাৰ কৰিলে, জেন সেই ঠাই পাই লৰাৰ কাৰনে ঔসধ, আৰু এটা সিতল ঘৰ পাৰ, কিয়নো নাৱত বৰ