পৃষ্ঠা:ধৰম গিত.djvu/৩০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪৬

ৰদতো তাপ, অৰু জোনৰ পহৰো নে লাগে; মই জেন সিঘ্ৰে সেই দেস পাঁও এনে আসা কৰোঁ। হে বচি, তুমিও জেন মোৰ লগত, নাইবা পাচতে সেই দেশলৈ জাবৰ নিমিতে জুগুত হোআ মোৰ এয়ে বৰ ইচা।

 বেহেৰাই কলে, চাহাব তুমি বিলাতলৈ জাবা নে? নে জাবা জেন মই আসা কৰোঁ, কিয়নো মই সাগৰৰ কলা পানিৰ ওপৰত তোমাৰ লগত জাব নোআৰিম।

 হেনৰিএ বিলাতৰ কথা কোআ নাই, কিন্তু স্বৰগৰ নিমিতেহে কলে, ইয়াকে বেহেৰাক বুজাই দিলে। পাচে হেনৰিএ কলে, বোলে, আৰু জদি মোৰ নৰিয়া আজি ৰাতি পুআৰ নিচিনা টান হই, তেন্তে মই সৰহ দিন নি জিম বুলি জানিচোঁ। হে বেহেৰা, মই লগতেই মৰিম বুলি ভাবিচোঁ। অস! তুমি প্ৰভু য়িচু খ্ৰিষ্টক প্ৰেম প্ৰিতি কৰিবলৈ আৰু মই জেন তোমাৰ মন পালটাব পাৰোঁ, এনে ইচা কৰিচোঁ। ইয়াকে বুলি উঠি হেনৰিএ বেহেৰাৰ কোলাত পৰি, তাক খ্ৰিষ্টিয়ান হবলৈ বি-