পৃষ্ঠা:ধৰম গিত.djvu/৩০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪৪

সিহঁতৰ মাজৰ কোনোএ মচলা বাটিবলৈ, কোনোএ জুই জলাবলৈ, কোনোএ লোটা বাটি ঘঁহিবলৈ ধৰিলে, আৰু তাৰে কেতবোৰ মানুহে মাটিতে বহি ধঁপাত খাবলৈ ধৰিলে। সিহঁতৰ আগতে দখিন ফালে অনেক সহৰ খেতি, আৰু উতম উতম বাৰি, তাল গচ, কলাৰ গচ, আৰু সৰু সৰু ঘৰ, এই সকলোবোৰ সোভিত ৰুপে আচিল। তাৰ কিচু দুৰৈতে ৰাজ্‌মহল পৰ্বত, তাৰ কোনো কোনো টিঙ্গত প্ৰায়ে গচ গচনি নাই কিয়া, আৰু আন কোনো পৰ্বত আচে, তাত হলে গচ গচনিৰে ঢকা হৈচিল, তাৰ মাজত এতিয়ালৈকে বনৰিয়া বৰা, বাঘ, গঁৰ আদি জন্তুবোৰ থাকে।

 হেনৰিএ অনেক বেলি তাক চাই মনে মনে বহি আচিল; পাচে সি বুলিলে, বেহেৰা, এয়ে সুন্দৰ দেস; ইয়াৰ সকলো মানুহ খ্ৰিষ্টিয়ান হোআ হলে, তেন্তে এই দেস অতি ভাল হলহেঁতেন। কিয়নো সিহঁত ইমান এলেহুআ নহৈ, সকলো একে লগে মিলি এই হাবি কাটি, ইস্বৰৰ অৰ্থে ভজা ঘৰ সজা হলহেঁতেন। জে-