পৃষ্ঠা:ধৰম গিত.djvu/২৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪০

খ্ৰিষ্ট। তেঁৱে স্বৰগৰ পথ, জদি কোনো মানুহে সেই পথে দি নে জাই, তেন্তে সি পিত্ৰি ইস্বৰৰ ওচৰলৈ জাব নোআৰে। য়োহানে লিখা ১৪ আধ্যাৰ ৬ পদ। তাৰ পাচত য়িচু খ্ৰিষ্টেই কোন, আৰু তেঁও জেনেকৈ প্ৰিথিবিলৈ আহি মানুহৰ ৰুপ ধৰি, সিবিলাকৰ পাপৰ নিমিতে পেৰেঙ্গনিৰ জাতনা ভোগ কৰি প্ৰান এৰি দিলে, আৰু মৈদামত সয়ন কৰি, তিন দিনৰ দিনা ম্ৰিত্যুক জিনি উঠি স্বৰগলৈ গল, এতিয়া ইস্বৰৰ সোঁ হাতে বহি আচে, আৰু তাৰ পৰা নামি, পুনৰ্বাৰ জিয়াই থকা মৰা লোকবিলাকৰ সোধ কৰিবলৈ আহিব, এই সকলো কথা বেহেৰাক বুজাবলৈ হেনৰিএ কাৰ্বাৰ কৰিলে।

 এই ৰুপে হেনৰিৰ কথা বাত্ৰা নিতৌ নিতৌ বাৰ্হিব ধৰিলে, কিন্তু বচিএ তাৰ কথাত প্ৰায়ে এফেৰিও মন নি দিএ, আৰু কেতিয়াবা কেতিয়াবা সি হাঁহি হেনৰিক কই, বোলে, এই অলপ কথাৰ নিমিতে তুমি কিয় ইমান চিন্তা কৰা? কিন্তু বেহেৰাই আপোনাৰ