পৃষ্ঠা:ধৰম গিত.djvu/২৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৮

দৰে এটা প্ৰাৰ্থনা কৰিলে; হে প্ৰভু পৰম ইস্বৰ, পাতকি, দুখিয়া, সৰু লৰাৰ অলপ প্ৰাৰ্থনা সুনা। হে ইস্বৰ, তোমাৰ পুত্ৰ জি আমাৰ কাৰনে পেৰেঙ্গনিৰ ওপৰত প্ৰান এৰিলে, তেঁওৰ নিমিতে মোৰ প্ৰিয় বেহেৰাৰ মন অচেতন অনৰ্থক মুৰ্তিৰ পুজাৰ পৰা জেন মই পালটাব পাৰোঁ, আৰু প্ৰভু য়িচু খ্ৰিষ্টৰ পেৰেঙ্গেনি বৈ, তাক তেঁওৰ পাচে জোআ জেন কৰিব পাৰোঁ, এনে সক্তি মোক দিয়া। এই ৰুপে দিনে ৰাতিএ সি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে; আৰু সি অনেক বেলি বেহেৰাই সৈতে কথা বাত্ৰা হৈ, জি জি উতম কথা মেম চাহাবে তাক সিকাইচিল, সেই সকলোকে বেহেৰাক বুজালে। বেহেৰায়ো হেনৰিৰ কথা ভালকৈ সুনিচিল, তথাপি সেই সকল কথালৈ মন নি দিলে, কিয়নো এই কথাত বেহেৰাই এনেকৈ বাদ বিচাৰ কৰি কৈচিল, বোলে, অনেক অনেক জুৰি, নৈ আচে হই, তথাপি সকলো সাগৰতহে মিল জাইগৈ; সেই ৰুপে এই প্ৰিথিবিত অনেক অনেক মতৰ ধৰম আচে, কিন্তু সক-