পৃষ্ঠা:ধৰম গিত.djvu/২৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৯

সন্তোস হল, ইস্বৰে এই সৰু লৰাৰ কাৰনে তাৰ জি কৰম তাতো আসিৰ্বাদ কৰি আচে দেখি, তেঁওক স্তুতি ধন্যবাদ কৰিলে। কিন্তু পাচে জানো হেনৰিৰ অহঙ্কাৰ হই, এই নি- মিতে তাক প্ৰসংসা ন কৰিলে; কিয়নো মেম চাহাবে জানিচিল পৰম ইস্বৰে অহঙ্কাৰি মা- নুহবিলাকক দুৰ কৰে, কিন্তু নম্ৰ মনেৰে লোকবিলাকক অনুগ্ৰহ কৰে। য়াকোবৰ পত্ৰৰ ৪ আধ্যাৰ ৬ পদ। এই নিমিতে হেনৰিক প্ৰসংসা ন কৰি সুধিলে, হে মোৰ প্ৰিয় লৰা, ন স্ৰিষ্টি হোআৰ অৰ্থ কি?

 হে। আগৈএ জেতিয়া মই প্ৰভু য়িচু খ্ৰিষ্টক নে জানিচিলোঁ, তেতিয়া কেৱলে বেয়া কথা ভাবি আচিলোঁ, আৰু মই আপোনাকে আন লোকতকৈ অধিক প্ৰেম কৰিচিলোঁ। আৰু মিঠই, গচৰ গুটি খাবলৈ মই বৰ লুভিয়া আচিলোঁ, এই সোআদ বস্তুৰ এগাল পাবৰ নিমিতে এস মিচা কথা কলোঁহেঁতেন। তেতি- য়া মই অহঙ্কাৰি আৰু খঙ্গাল আচিলোঁ; কোনো জদি মোক চেলাম কৰি চাহাব বুলি