পৃষ্ঠা:ধৰম গিত.djvu/২৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২২


মেম চাহাবৰ ওচৰলৈ আহি কলে, বোলে, ইয়াক পৰ্হিবলৈ মোক সিকোআ। তাতে সেই দিনাই সি পৰ্হিবলৈ আৰম্ভন কৰিলে, আৰু আদি পুথিৰ প্ৰথমৰ আধ্যা পৰ্হোতে তাৰ অনেক দিন গল, কিন্তু দুতিয় আধ্যা উজু পালে, আৰু ত্ৰিতিয় আধ্যা তাতকৈও উজু হল। পাচে লাহে লাহে সি প্ৰায়ে সকলো আধ্যা স্ৰম নো হোআকৈ পৰ্হিব পাৰিলে। চাহাবেও আপোনাৰ উতম কৰমৰ ফল দেখিবলৈ পাই, আনন্দেৰে ইস্বৰৰ অনুগ্ৰহ সৈ কাৰ্হি স্তুতি কৰিলে; কিয়নো তেঁও এটা পিত্ৰি হিন লৰাক ডেৰ বচৰৰ মাজতে দেও পুজকৰ ভাণ্ডনাৰ আৰু এন্ধাৰৰ পৰা পৰা পালটাই, খ্ৰিষ্টিয়ানৰ স্বৰুপ মত জি কেৱল পৰিত্ৰানৰ নিচই পথ ইয়াকো দেখালে। তেঁও তাৰ হাতত ধৰম পুথি দি, তাক পৰ্হিবলৈকো সিকালে, আৰু পৰম ইস্বৰে বিসেস ৰুপে সেই লৰাৰ নিমিতে তেঁওৰ সকলো প্ৰাৰ্থনা সুনিচিল।

 হেনৰিৰ ওচৰৰ পৰা মেম চাহাৰ বিদাই হৈ জোআ দিন ওচৰ চপাৰ কাৰনে তেঁওৰ