পৃষ্ঠা:ধৰম গিত.djvu/২৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২১

তোমাৰ প্ৰিয় ত্ৰান কৰ্তা আচে, জি জনে তোমাৰ পাপৰ কাৰনে আপোন প্ৰান এৰিচিলে, সেই ইস্বৰৰ মেৰ পোআলিৰ সিংহাসনৰ ওপৰ তোমাক পোআই দিব।

 হেনৰিএ কলে, এনেকুআ এখন কিতাপ পাবলৈ মই ইচা কৰোঁ। জদি কিতাপ এখন মোক দিয়া, মোৰ সকলো ওমলা বস্তু আৰু মোৰ সৰু গাঁৰিও তোমাক দিম।

 ইয়াকে সুনি মেমে হাঁহি কলে, হে মোৰ প্ৰিয় লৰা তোমাৰ গাঁ‌ৰি, আৰু তোমাৰ সকলো ওমলা বস্তু তুমি ৰাখা, ইয়াৰ মাজত জিখন কিতাপ ভাল পোআ তুমি তাকে লোআ।

 হেনৰিএ মেম চাহাবক সকলো মনে চিতে চেলাম কৰিলে, আৰু বেহেৰাক মাতি, কেঁচা নাইবা ৰঙ্গা চালেৰে বন্ধা কোনটো কিতাপ লবলৈ ভাল, ইয়াকে সুধি এটা ভাল চাই ললে। আৰু মেম চাহাবৰ পৰা এডোখৰ পাটৰ কাপৰ খুজি লৈ, সেই কিতাপ ভৰাই থবৰ কাৰনে এটা জোলোঙ্গা সিবলৈ দৰ্জিক দিলে, আৰু সেই দিনাই সন্ধ্যা বেলা হেনৰি