পৃষ্ঠা:ধৰম গিত.djvu/২৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৪

কৰে। তেঁওৰ আদিও নাই, আৰু অন্তো নাই। ইস্বৰ কেৱল এজন, কিন্তু এজনেই তিনি জন, অৰ্থাত, পিত্ৰি, পুত্ৰ, অৰু ধৰম আত্মাৰে প্ৰকাসিত, এই তিনি এজন হৈ, মানুহৰ নিমিতে নানা ভিন কৰম কৰে, এই কথা তেঁও লৰাক সিকালে।

 হেনৰিৰ সেই সময়ৰে পৰা ইস্বৰৰ কথা সুনিবলৈ আৰু সুধিবলৈ বৰ আনন্দ পালে; এই হেতুকে জেনেকৈ পৰম ইস্বৰে চই দিনৰ মাজত প্ৰিথিবিৰ সকলো বস্তু স্ৰজন কৰি এঁটাই, সাত দিনৰ দিনা আপোনাৰ সকলো কৰম পৰা বিস্ৰাম কৰিলে; আৰু প্ৰথমতে পুৰুস এজন আৰু তিৰি এজন পূন্যৱন্তকৈ স্ৰজন কৰিলে; কিন্তু তাৰ পাচত আমাৰ সেই আদি পিত্ৰি মাত্ৰিএ পাপ পুৰুসৰ ফন্দিত পৰি নিসেধ ফল খালে, আৰু জেনেকৈ জগতত প্ৰথমতে, পাপ সোমাল, তাতে আগৰ পুৰুস পাপি হল, আৰু আমি জি সিবিলাকৰ সন্তান, আমিও সেই কুস্বভাৱেৰে জনম ধৰি পাপি

হলোহঁক, সেই সকলো কথা তেঁৱে বুজালে।