পৃষ্ঠা:ধৰম গিত.djvu/২৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৭
খ্ৰিষ্টৰ উপদেস।

২০৮

“I was his chief delight."
Hebron. L. M.

হে সকল মনুস্যৰ সন্তান,
স্বৰগৰ বাক্যত পাতা কান;
অনাদি পত্ৰই ইস্বৰৰ
কই কথা, সুনা পাপি নৰ।

মই হওঁ তেঁওৰ অতি প্ৰিয় জন,
আৰু তেঁওৰ অনন্ত নন্দন,
সকলো স্ৰিষ্টিৰ আদি মই,
মোৰ দোআৰাই স্ৰিষ্টি থিতি হই।

প্ৰিথিবি, সাগৰ, অদি জল,
মেঘ, বায়ু, সুইন, অকিসি মণ্ডল,
সেই সকল হোঅৰি পুৰ্বে জাত
মই আচোঁ ইস্বৰৰ সোঁ হাত।

চন্দ্ৰ আদি গ্ৰহ তৰাগন,
এই সকল কৰোঁতে স্ৰজন,
আচিলোঁ সেই কালতো মই
কৰোঁতে সুৰ্জৰ পথ নিৰ্নই।