পৃষ্ঠা:ধৰম গিত.djvu/২৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৪
পাপিক উদগোআ।


এৰা সকল দেৱৰ আস্ৰই
 কৰিএই খ্ৰিষ্টত আস,
তেহে জাব তোমাৰ সংসই,
 পাপৰো হব নাস।

সুনা, হে প্ৰিয় মিতিৰগন,
 অতি প্ৰেমৰ বচন,
জি ইস্বৰ থাকে ওপৰ থান,
 তেঁও কৰে পাপ মোচন।

জদি পাব খোজা মুক্তি,
 আহাঁ খ্ৰিষ্টৰ ওচৰ;
দিব প্ৰভু তোমাক সক্তি
 দ্বাৰাই আপোন ক্ৰুচৰ।

এনে প্ৰেমৰ বচন সুনি
 ন কৰিবা হেলা,
কৰা আস্ৰই মনে গুনি
 ভাই, আৰু নাই বেলা।
 ল. হ. ধ.