পৃষ্ঠা:ধৰম গিত.djvu/২২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
ইস্বৰৰ মহিমা


ওপৰ আকাসত ভয়ঙ্কৰ,
চন্দ্ৰ আদি গ্ৰহ নিৰন্তৰ,
তোমাৰহে হাতৰ কৰম হই,
দেখিচোঁ আচৰিত বিস্মই।

এই সকল দেখি আমাৰ মন
কৰিচোঁ চিন্তা অনুখন;
হে প্ৰভু, কি নো মৰ্ত্য নৰ,
তুমি জে কৰা তাক আদৰ?

দুততকৈ অলপ হৈচে হিন,
তেও সকল বস্তু তাৰ অধিন;
মৰ্জতা ৰুপে অলংক্ৰিত
কৰিচা, প্ৰভু, তাক ভুসিত।

এই ৰুপে পাতি অধিকাৰ,
তাক দিলা সকল স্ৰিষ্টিৰ ভাৰ;
হে প্ৰভু, তোমাৰ মহান নাম,
হৈচে বিদিত সকলো ধাম।
 ন: ল. ফ.