পৃষ্ঠা:ধৰম গিত.djvu/১৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯১
ৰাতি পুআৰ গিত।

১৬৪

"Awake, my soul, and with the sun.”
Bethlehem. 11, 8.

উঠা সুৰ্জে সৈতে, ন কৰি এলাহ,
 হে মন, কৰা প্ৰভুক চিন্তন,
নৈবেদ্য ৰুপ স্তুতি দি কৰা উচাহ,
 ইস্বৰলৈ প্ৰেম হৈ জলন।

দিন ৰাতি ন জনা জি স্বৰ্গলোক গাই
 ইস্বৰৰ প্ৰসংসা ওৰেওে,
সেই সকলে সৈতে নৰ বানি মিলাই
 ওপৰলৈ তুলিবা স্তও।

হে প্ৰভু, মোৰ প্ৰান ৰাখি তুমি নিদ্ৰাত,
 পুআ দিলা নতুন জিৱন;
সেই ৰুপে মোক তুলি সি জন্মৰ প্ৰভাত,
 কৰা পৰম সুখে গ্ৰহন।

মোৰ পথ চলাই, প্ৰভু, মন ৰাখা সিতল,
 তোমাৰ আত্মাই থাকি সহিত;
এই দিন কায়ে বাক্যে মোৰ কৰম সকল
 জেন গ্ৰাজ্য হব ইস্বৰ দ্ৰিষ্টিত।   ন. ব.

ট ৪