পৃষ্ঠা:ধৰম গিত.djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
ইস্বৰৰ গুন কিতন।

স্বৰ্গ মৰ্ত্য পতাল আদি,
 আৰু অসিম তৰাগন,
সুৰ্জ চন্দ্ৰ, নানা বস্তু,
 তেঁৱে কৰিলে স্ৰজন;
নানা জন্তু, নানা পখি,
 পহৰ আৰু অন্ধকাৰ,
পৰ্বত ভৈয়াম, মহা সাগৰ,
 আৰু মানুহ দুৰাচাৰ।

দিনে ৰাতি প্ৰকাস কৰি
 জানিবলৈ দিলে কাল,
দিষ্টি কৰি সেসে প্ৰভু
 সকলোকে দেখে ভাল।
এনে স্ৰজন পালন কৰ্তাক
 সদাই কৰোঁ স্তুতি গান,
সকল প্ৰভুৰ ওপৰ প্ৰভু,
তেঁওহে কেৱল ভগৱান।  ন. ল.