পৃষ্ঠা:ধৰম গিত.djvu/১৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৭
বিবাহৰ গিত।

১৬০

Wedding Hymn.
Rock, of-Ages. 7.

এদেন বাৰিত নাৰি নৰ
স্ৰজি ইস্বৰ দিলে বৰ,
দুইকো কৰি জোগ উতম,
হৈচিল সুধ বিবাহ প্ৰথম।

পুৰ্বৰ নিতি এই দুজন
নিয়ম কৰে সুমিলন,
পিত্ৰি মাত্ৰি কৰি তিয়াগ,
সঙ্গ লৈ পাচে নাই বিভাগ।

ইটে সিটে প্ৰতিপাল
প্ৰেমে কৰোক জিৱন কাল,
একে মঙ্গহ, একে হাৰ,
একে মন হওক, সদ আচাৰ।

প্ৰভুৰ সেৱাত দিন নিয়াই,
জেতিয়া পৰলোকে জাই,
তেতিয়া উঠি একে থান,
সদাই কৰোক স্বৰ্গৰ গান।  ন. ব.

ট ২