পৃষ্ঠা:ধৰম গিত.djvu/১৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৫
জাত্ৰাৰ গিত।

১৫৮

Prayer while journeying.
Greenville. 8,7.

প্ৰভুক চিন্তি জাত্ৰা কৰোঁ,
 পথত ৰাখিবা সদাই।
জদি আমি ফান্দত পৰোঁ
 য়িচু আমাৰ কৰা জই।

জতে ততে আমি ঘুৰি,
 কৰোঁ এই সংসাৰত বাস,
প্ৰভু আমাৰ সঙ্গত ফুৰি
 কৰা সকল সত্ৰু নাস।

হাটে বাটে কৰিম স্তুতি,
 প্ৰভু তোমাৰ চৰনত;
আমাক কৰি নিবা মুক্তি
 সেসত দুৰ্ঘোৰ মৰনত।

এই নিমিতে প্ৰভু আমি
 আস্ৰই কৰোঁ আপোনাক;
ৰখ্যা কৰি নিবা স্বামি
 বাটত নিৰাপদ আমাক।  ব. দ.