পৃষ্ঠা:ধৰম গিত.djvu/১৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৯
খ্ৰিষ্টৰ ৰাজ্য বৰ্হা।

১৫২

Prayer for the World's Conversion.
Cottage. 7.

প্ৰভু য়িচু, তোমাৰ নাম
 সকল ঠাইতে হওক প্ৰচাৰ,
পহৰ কৰা সকল গ্ৰাম,
 দুৰ কৰা তাৰ পাপ এন্ধাৰ।

জতে হই দেও দেবিৰ মান,
 কৰিবা তাৰ পুজা নাস,
সকল দেসত তোমাৰ নাম
সিঘ্ৰে সিঘ্ৰে হওক প্ৰকাস।

জি জি লোক হই দেও পুজক,
 নাস কৰা সিহঁতৰ ভম;
সকলৰ মন পলটোক,
 দুৰ হওক সকল মিচা স্ৰম।

তোমাৰ গিয়ান দেও পুজাৰ নাস,
 জতে তোমাৰ ধৰম পাই,
ততে পহৰ হই প্ৰকাস,
 দেৱে তাত নে পাব ঠাই।  প. স.