পৃষ্ঠা:ধৰম গিত.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ইস্বৰৰ গুন কিৰ্তন

এনে পৰম ৰুপ য়িহোৱা
 নামে ধৰম এক ইস্বৰ,
তেঁওৰ মহিমা গুন প্ৰসংসা
 কিৰ্তন কৰোক নিৰন্তৰ;
জি জি থাকে এই ভুলোকত,
 জি জি থাকে ওপৰ থান,
সকল কৰোক জয়ধনি
 একে স্বৰে ধৰি গান।  ন. ব.

Praise to the Creator.
Haydn's. 8, 7.

আঁহা আঁহা, সকল সাধু,
 আঁহা কৰোঁ স্তুতি গান;
দ্ৰিষ্টি ৰুপে পালন কৰি
 আচে জি জন ওপৰ থান।
তেঁৱেই প্ৰভু, তেঁৱেই ইস্বৰ,
 তেঁও অনাদিও অনন্ত,
সৰ্ব মহিমাৰে অপাৰ
 তেৱেঁই সদা ভগৱন্ত।