পৃষ্ঠা:ধৰম গিত.djvu/১৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৩
স্বৰগৰ সুখ।

১৩৭

Joys of Heaven.
China. L. M.

জি থানত ইস্বৰে থাকে,
 তাৰ কোনো কালে ন হই খই;
সেই থান পাব সাধু লোকে,
 সদাই থাকিব আনন্দমই।

দিনে ৰাতিএ স্তুতি গান
 সদা সুনি সুন্দৰ সুৰে;
প্ৰেমৰ বাহিৰে তাত নাই আন
 মুখৰ পৰা সকলোৰে।

সুনা, সুনাহে দুতৰ গান,
 কেনে সুন্দৰ সুৰেৰে গাই!
সিবিলাকৰ সকলো মন
 থাকে অতি আনন্দ সদাই।

হে প্ৰভু, সেই থান পাবলৈ
 অতি সুধ কৰা মন আমাৰ;
সকল পাপৰ হাত সাৰিগৈ
 স্তুতি গান কৰিম গুন তোমাৰ।   ন, ল,