পৃষ্ঠা:ধৰম গিত.djvu/১৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
পাপিক উদগোআ।

তেঁৱে থৈচে দুআৰ মেলি,
 মাতি আচে সবৰ্দাই,
আনন্দেৰে জি লোক জাবা
 পাবা অতি সুখৰ ঠাই।  ব. দ.

১০৮

Sinners exhorted to repent.
Warning Voice 8, 5.

পাপি সকল, মন পালটা,
 কৰা য়িচুত আস;
অন্তৰ কালত তেঁও গুচাব
 আমাৰ পাপৰ ত্ৰাস।

য়িচুৰ নামে পাপক খেদা,
 হেৰৈ আমাৰ মন;
সাৱধানে পাপে সৈতে
 সদাই কৰা ৰন।

আজি কালি মিত্যুৰ ওচৰ
 চাপিচে আমাৰ;
য়িচুৰ চৰন কৰা ধাৰন,
 সুখে হবা পাৰ।  ব. দ.