পৃষ্ঠা:ধৰম গিত.djvu/১৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
পাপিক উদগোআ।

১০৬

Sinners invited.
Bartimeus. 8, 7.

সুনা, বন্ধু লোক, জি প্ৰাচিত
 প্ৰভু খ্ৰিষ্টে কৰিলে,
অতি দুখ পাই আমাৰ পাপত
 আপোন প্ৰানক এৰিলে।

সকল পাপৰ কৰম এৰি
 লোআ চৰনত আস্ৰই,
প্ৰভু য়িচুত বিস্বাস কৰি
 থাকিবা আনন্দমই।

মগ্ন কৰা মন তেঁওৰ প্ৰেমত
 খ্ৰিষ্টৰ চৰন নেৰিবা;
পাপি মন তেঁওৰ প্ৰেমৰ জৰিত
 বন্ধন কৰি ৰাখিবা।

প্ৰেমৰ সাগৰ প্ৰভু তুমি,
 তোমাৰ দায়া অতিসই,
এই নিমিতে নেৰোঁ আমি
 তোমাত সৰ্বকাল আস্ৰই।  ন. ল.