পৃষ্ঠা:ধৰম গিত.djvu/১২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
পাপিক উদগোআ।

পাপি লোকে
কৰিব ক্ৰন্দন, হাই হাই!

জিয়াই থাকি ধৰা চাপি,
 নেৰিব প্ৰভুৰ চৰন,
ধৰম সাস্ত্ৰে সকল সাখি,
আস্ৰই ললে নাই মৰন;
 কোনো কালে
 দুখ নাই, পাই অনন্ত জিৱন।
 ব, দ.

১০৫

Exhortation to Sinners.
Melody. C. M.

হে পাপি লোক, মৰন ওচৰ,
 পলাবা নৰ্কৰ ভই;
ত্ৰান কৰ্তাৰ নামত ৰখ্যা পাই,
 তেঁওত কৰিলে আস্ৰই।

হে পাপি লোক, সেই প্ৰভুতে
 আমাৰ হই লাভৰ ঠাই,
অতি নিদানতো ৰাখে,
 তেঁওত কৰিলে আস্ৰই।  ব. দ.