পৃষ্ঠা:ধৰম গিত.djvu/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
পাপিক নিমন্ত্ৰন কৰা।

দিয়া দিয়া, পাপি সকল,
 তোমাৰ অতি সুধ আসই,
তেহে সাৰিবা ইস্বৰৰ
 মহা ক্ৰোধৰ নৰক ভই।

এই ৰুপ বিনই কৰি প্ৰভু
 মাতি আচে সৰ্ব নৰ;
আঁহা প্ৰভুৰ চৰনলৈ
 অতি সিঘ্ৰে নিৰন্তৰ।

তথাপিও দুষ্ট নৰে
 নে জাই প্ৰভুৰ চৰনত,
পাচে ম্ৰিত্যুৰ কাল চাপিলে
 পৰিব ঘোৰ নৰকত।

তাতে পৰি পাপি লোকে
 নকৰ ভুঞ্জিব কেলেস,
কোটি কোটি কল্প গলেও
 তাত ন হব দুখৰ সেস।  ন. ল.