পৃষ্ঠা:ধৰম গিত.djvu/১১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
স্বৰগলৈ জাত্ৰা কৰা।

সংসাৰিক লোকৰ সুন্দৰ পথ,
 তাক এৰে কি কাৰন?
পোনাইচে সেইটো বাট নৰক,
 তাৰ সেসত বৰ ক্ৰন্দন।

তেন্তে বাট নাই নে কতো আন
 কিনানৰ পৰম ঠাই?
খ্ৰিষ্টৰ জি বাট দুৰ্গমো ঠেক,
 তাত বাজে কতো নাই।  ন.ব.

৯৩

“Children of the heavenly King.”
Warren." 7.

স্বৰ্গিয় ৰজাৰ হে সন্তান,
জাত্ৰাত গোআ মধুৰ গান;
প্ৰভু ত্ৰান কৰ্তা তোমাৰ,
স্তুতি কৰা জোগ্য সাৰ।

আমি জাত্ৰিক ইস্বৰ ঘৰ
খোজত সাধু সকলৰ;
সি সব এতিয়া আনন্দমই
আমিও ভাগি তাৰ হমগৈ।