পৃষ্ঠা:ধৰম গিত.djvu/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
স্বৰগ আৰু নৰকৰ পথ।

তাত নে লাগে একো সোন ধন,
নিচই থাকিব আনন্দ মন;
সদাই তাত সাধুৰ সঙ্গ পাব,
ইস্বৰলৈ স্তুতি গাব।  ব. দ.

৯১

"Broad is the road that leads to death."
Forest, Wells, L. M.

বিনাসৰ বাট বহল সুন্দৰ,
তাত লাখ লাখ জাই অধৰ্মি নৰ,
অলপ দিন সুখ পাই কৰি পাপ,
তাৰ পাচে নৰ্কে ভুঞ্জে তাপ।

জত কাম ক্ৰোধ মোহ লোভ আদি নাই,
সেই পৰম থান জি বাটে জাই,
সি অতি ঠেক, দুআৰি দুৰ্গম,
সোমাই তাকৰ, কৰিহে স্ৰম।

হে প্ৰিয় লোক, কৰা জতন,
পলম ন কৰি দিয়া মন;
ঠেক বাট বিচাৰি পাবা সুখ,
আন বাটে গৈ অসিমা দুখ।   ন, ব.