পদ্মা নাগ ভৈলা তবে ভাটৌ ৰূপ ধৰি।
উৰা দিয়া পৰে গৈয়া শ্ৰীকৰৰ পুৰী॥
মাও বাপ বুলি পক্ষী ডাকিতে লাগিলা।
শুনিয়া পক্ষীৰ মাত হাত পাতি লৈলা॥
কামোৰ মাৰিয়া পক্ষী হইলা অন্তৰ।
দ্বিতীয়ে মৰিল পুত্ৰ নামত শ্ৰীকৰ॥
অনন্ত নাগে তবে মক্ষীৰূপ ধৰি।
উৰা দিয়া পৰে গৈয়া গুণাকৰৰ পুৰী॥
ব্ৰহ্মতালু চাই নাগে মাৰিলা কামোৰ।
তৃতীয়ে মৰিল পুত্ৰ নামে গুণাকৰ॥
মধুকৰ নামে পুত্ৰ পাশাক খেলাই।
পিপীলিকা রূপে নাগ গৈলা তাৰ ঠাই॥
চৰণ চাপিয়া নাগে মাৰিলা কামোৰ।
চতুৰ্থে মৰিলা পুত্ৰ নামে মধুকৰ॥
দুৰ্গাবৰ নামে পুত্ৰ জলক খেলাই।
মায়াৰূপে জলেশ্বৰ তাৰ কাষে যাই॥
চৰণ চাইয়া নাগে মাৰিলা কামোৰ।
পঞ্চমে মৰিলা পুত্ৰ নামে দুৰ্গাবৰ॥
বংশধৰ নামে পুত্ৰ ঘিলাক খেলাই।
শাংখিনী কেউটিয়াই তাক লাগ পাই॥
ব্ৰহ্মদ্বাৰ চাই নাগে মাৰিলা কামোৰ।
ষষ্ঠেতে মৰিলা পুত্ৰ নামে বংশধৰ॥
ছয় পুত্ৰ মৰি চান্দোৰ শূন্য হৈলা পুৰী।
চান্দোৰ মন্দিৰে কান্দে সোমাই সুন্দৰী॥